Insights

Ideas, Experiences & Reflections

Thoughts drawn from aviation, leadership, management, teaching, literature and everyday life — shaped by experience, observation and continuing curiosity.

Featured Insight

সমৃদ্ধি দুৱাৰখন

বিশ্বায়ন আৰু প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব উদ্গীৰণে বৰ্তমানৰ প্ৰজন্মক একপ্ৰকাৰ বিভ্ৰান্ত কৰি তুলিছে। মানুহ বিনে কদাপি সম্পাদন কৰিব নোৱাৰা বুলি ঠাৱৰ কৰা কেতবোৰে কামো প্ৰযুক্তিবিদ্যাই নিখূঁতভাৱে কৰি দিব পৰা হৈছে। যন্ত্ৰই যিমানেই যি নকৰক, গান গাওক, কবিতা লিখক, তাত কিন্তু মানৱীয় অনুভূতিৰ সঞ্চাৰ কৰিব নোৱাৰে বুলি ইমান দিনে যি স্বস্তি লাভ কৰা হৈছেল, সেই বিশ্বাসলৈও পৰিৱৰ্তন আহিছে। কিছুদিনৰ আগতে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি হিন্দী ভাষাত কথা পতাৰ মাজতে ৰুক্ষ ভাবে সোধা এটা প্ৰশ্নৰ উত্তৰ যন্ত্ৰইও সেই সুৰতে দিবলৈ সক্ষম হৈছে। অৰ্থাৎ প্ৰযুক্তিবিদ্যাইও কথাৰ সুৰ ধৰিব পৰা হৈছে, অনুভৱ কৰিব পৰা হৈছে। যন্ত্ৰক খঙত কৰা প্ৰশ্নৰ উত্তৰ যন্ত্ৰইও খঙতেই দিব পৰা হৈছে! এয়া মাথোঁ এটা সাধাৰণ উদাহৰণহে। বাণিজ্যৰ প্ৰায় প্ৰত্যেক খণ্ডতে প্ৰযুক্তিবিদ্যাৰ ইমানেই ব্যৱহাৰ হ’বলৈ ধৰিছে যে বৰ্তমান সময়ৰ সক্ষম প্ৰজন্মই সময়ৰ অগ্ৰগতিৰ লগত খাপ খুৱাব নোৱাৰি একাষৰীয়া হৈ ৰৈ যাবলৈ বাধ্য হৈছে।

Latest Insights

Scroll to Top