খুশৱন্ত সিং- উইথ মেলিছ টুৱাৰ্ডছ ৱান এণ্ড অলৰ স্ৰষ্টাজন

(খুশৱন্ত সিঙৰ মৃত্যুৰ পাছতে ২০১৪ চনৰ ১৬-৩০ এপ্ৰিল সংখ্যা প্ৰান্তিকত প্ৰকাশিত।)

খুশৱন্ত সিং মোৰ বাবে পৰম আশ্বৰ্যকৰ ব্যক্তি, যি দুই দশকৰো অধিক সময় মোক একেধাৰে তেখেতৰ চমকপ্ৰদ লেখাৰে বিমুগ্ধ কৰি ৰাখিব পাৰিছে৷ নিৰ্ভৰযোগ্য তথ্য, বলিষ্ঠ যুক্তি, নিমোৰ্হ বিশ্লেষণ, অভিসন্ধিহীন তীৰ্যক কটাক্ষ, উপযুক্ত পৰিমানৰ হাস্যৰস আৰু ব্যংগ (Sarcastic, খুশৱন্ত সিং মোৰ বাবে পৰম আশ্বৰ্যকৰ ব্যক্তি, যি দুই দশকৰো অধিক সময় মোক একেধাৰে তেখেতৰ চমকপ্ৰদ লেখাৰে বিমুগ্ধ কৰি ৰাখিব পাৰিছে৷ নিৰ্ভৰযোগ্য তথ্য, বলিষ্ঠ যুক্তি, নিমোৰ্হ বিশ্লেষণ, অভিসন্ধিহীন তীৰ্যক কটাক্ষ, উপযুক্ত পৰিমানৰ হাস্যৰস আৰু ব্যংগ (Sarcastic] আৰু আটাইৰে ওপৰত, সুলভ প্ৰজ্ঞাৰ (Commonsense] সমাহাৰ –  এই আটাইকেইটা উপাদানে তেখেতৰ প্ৰতিটো লেখা মোৰ বাবে কৰি তুলিছিল সদায় আকৰ্ষনীয় আৰু বিষ্ময়কৰ/ পাঠক হিচাবে এজন ব্যক্তিয়ে লেখকৰ লগত কিমান ঘনিষ্ঠ আৰু নিবিড় আত্মীয়তা অনুভৱ কৰিব পাৰে সেই কথা মই পদে পদে অনুভৱ কৰি আহিছো – খুশৱন্ত সিঙৰ লগত, তেখেতৰ লেখাৰ মাজেদি৷

            যোৱা ২০ মাৰ্চ, বৃহস্পতিবাৰে এক বাজিবলৈ কেইমিনিটমান থাকোতে তেখেতৰ জীৱনৰ পৰিসমাপ্তি ঘটিল৷ মৃত্যু তেখেতে যেনেকৈ বিচাৰিছিল ঠিক তেনেকৈয়ে আহিল৷ পৰম আন্তৰিকতাৰে তেওঁ আশা কৰিছিল – জীৱনৰ শেষ পলটো যেন কম যন্ত্ৰনাদায়ক হয় – Painless Exit! আৰু সেইদৰেই সেইদিনা ৰাতিপুৱা শুই উঠাৰ পিছততেখেতে সদায় কৰাৰ দৰে বাতৰি কাকতৰ পৃষ্ঠাত ‘ক্ৰছ ওৱৰ্ড’ৰ খেল খেলিছিল৷ তাৰ অলপ সময়ৰ পিছত বিছনাত বাগৰ দিছিল৷ এসময়ত মুখৰ মাত নাপাই জীয়াৰী মালাই  চিকিৎসকক খবৰ দিছিল৷ ১২-৫৫ মিনিটত ডাক্তৰে ঘোষনা কৰিছিল – He is no more৷ সেইদিনা তেখেতৰ বয়স হৈছিল ৯৯ বছৰ ১ মাহ ১৮ দিন৷

            ১৯১৫ চনৰ ২ ফেব্ৰুৱাৰী, মঙ্গলবাৰে পূৱ পাঞ্জাৱৰ হাডালি নামৰ ঠাইত খুশৱন্ত সিঙৰ জন্ম হৈছিল – যি ঠাই এতিয়া পাকিস্তানৰ অন্তৰ্গত৷ জন্মস্থান পাকিস্তান বুলি ক’লে এনে এটা ধাৰনাৰ সৃষ্টি হয় যেন ভাৰত পাকিস্তানৰ বিভাজনৰ সময়ত ভাগি অহা লোক/ খুশৱন্ত সিঙৰ ক্ষেত্ৰত কথাষাৰ সম্পূৰ্ণ সত্য নহয়৷ তেখেতৰ ককাৱক সুজন সিঙে কুৰি শতিকাৰ আৰম্ভনিতে সূতা কটা কল এটা স্থাপন কৰি দিল্লীত কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছিল৷ পাছলৈ তেখেতে ঠিকাৰ কামত হাত দিছিল৷ কালকা- ছিমলা ৰেলপথটো নিৰ্মাণৰ সময়ত তেখেতে নিজৰ ল’ৰা অৰ্থাৎ খুশৱন্ত সিঙৰ  দেউতাক শোভা সিঙক লগত লৈ ঘৰ সজা ঠিকাৰ কাম কৰিছিল৷  ১৯১১ চনৰ ডিচেম্বৰ মাহত ভাইচৰয় হাডিংয়ে যেতিয়া দিল্লীত দেশৰ ৰাজধানী পতাৰ বাবে আধাৰশিলা স্থাপন কৰিলে সুজন সিং-শোভা সিং দিল্লীলৈ আহি  বিল্ডিং ঠিকাদাৰ হিচাপে নতুন জীৱনৰ পাতনি মেলিলেহি৷ নতুন দিল্লীৰ নিমাৰ্ণ কাৰ্য চলি থকা সময়ত ভৱন নিমাৰ্ণৰ ঠিকাদাৰ হিচাপে শোভা সিঙৰ নাম কৃতকাৰ্যতাৰ শিখৰ পাইছিলগৈ৷ ইণ্ডিয়া গেইট, চাউথ ব্লক আৰু ৰাষ্ট্ৰপতি ভৱনৰ একাংশ নিৰ্মাণৰ সময়ত একমাত্ৰ ঠিকাদাৰ আছিল শোভা সিং৷ পিছত তেখেতেই কনাট প্লেছ, আকাশবাণী ভৱন, নেছনেল মিউজিয়াম, ৰে’ড ক্ৰছ ভৱন, বড়োদা ভৱন আদি বিখ্যাত ভৱনৰ কাম সম্পন্ন কৰিছিল৷ ইংৰাজ চৰকাৰে শোভা সিঙৰ কৰ্মদক্ষতাত প্ৰশংসা কৰি ‘নাইট’ উপাধি প্ৰদান কৰিছিল৷ প্ৰচুৰ প্ৰশংসা আৰু অৰ্থৰে তেখেতক সেই সময়ত ‘আধা দিল্লীৰ মালিক’ বুলি কোৱা হৈছিল৷ 

            শিশু অৱস্থাত আইতাকৰ সান্নিধ্যত হাডালিত কিছুদিন কটোৱাৰ পিছত খুশৱন্ত দিল্লীলৈ গুচি আহে৷ তেখেতৰ পঢ়াশালীৰ জীৱন আৰম্ভ হৈছিল দিল্লীৰ মডাৰ্ণ স্কুলত৷ পিছলৈ লাহোৰ গৱৰ্ণমেণ্ট কলেজ আৰু দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজত পঢি আইন শিক্ষা গ্ৰহন কৰিবলৈ লণ্ডনৰ কিন্স কলেজলৈ যায়গৈ৷ ছাত্ৰ অৱস্থাত খুশৱন্ত সিঙৰ পৰীক্ষাৰ ফলাফল কেতিয়াও উচ্চ পযাৰ্য়ৰ নাছিল৷ এল. এল. বি. পৰীক্ষা পাছ কৰিবলৈ আনে যেতিয়া তিনি বছৰ লৈছিল তেখেতক পাচঁ বছৰ লাগিছিল৷ তথাপিও তেওঁ ভাৰতীয় প্ৰশাসনিক পৰীক্ষাত (ICS) অৱতীৰ্ণ হৈছিল৷ মাত্ৰ ১১ নম্বৰৰ বাবে তেখেত প্ৰশাসনীয় পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিল কিন্তু আশ্বৰ্যজনক ভাবে মৌখিক পৰীক্ষাটোত ৩০০ নম্বৰৰ ভিতৰত ৩০০ নম্বৰেই পাইছিল৷

            আইন পৰীক্ষা পাছ কৰি অহাৰ পিছতে তেখেতৰ বিবাহ হৈছিল চি.পি.দাব্লিউ. ডি. বিভাগৰ প্ৰথম ভাৰতীয় মুখ্য অভিযন্তা চদাৰ্ৰ বাহাদুৰ ছাৰ তেজা সিং মালিকৰ সুদৰ্শনা জীয়াৰী কাৱাল মালিকৰ লগত৷ সিও এক আমোদজনক কাহিনী৷ খুশৱন্ত সিঙৰ দেউতাক শোভা সিং আছিল তেখেতৰ তলতীয়া ঠিকাদাৰ৷ সুন্দৰী কাৱালক নিজৰ কৰি লোৱাৰ সপোন সেই সময়ৰ অনেক আঢ্যৱন্ত ঘৰৰ ডেকাৰ৷ ১৯৩৭ চনত খুশৱন্ত বিলাতত থাকোতেই  কাৱাল মণ্টেছৰী শিক্ষাৰ পাঠ্যক্ৰম এটা পঢ়িবলৈ বিলাতলৈ আহিছিল৷ সেই সময়ত বিলাতত পঢ়ি থকা কেইবাজনো ডেকাই কাৱালৰ মনোযোগ আকৰ্ষন কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল৷ সেই সময়তে এদিন খুশৱন্তে কাৱালক বিশ্ববিখ্যাত কবি মিল্টনৰ জন্মস্থান বিকনছফিল্ডলৈ লৈ যোৱাৰ এটা সুযোগ পালে য’ত কবিজনে পেৰেডাইজ লষ্ট নামৰ বিখ্যাত গ্ৰন্থখন ৰচনা কৰিছিল৷ মিল্টনৰ ৰচনা আৰু টমাছ গ্ৰে’ৰ কবিতাৰে খুশৱন্তে কাৱালক এনেকৈ অভিভূত কৰিলে যে খুশৱন্তৰ বদনাম লিখি প্ৰতাপ লাল নামৰ বন্ধুজনে লিখা আটাইবোৰ চিঠি কাৱালে খুশৱন্তৰ হাতত দি দিলে৷ সেই  সময়তে  কাৱালৰ মাকে এদিন হঠাতে খুশৱন্তৰ কোঠালৈ গৈ গাৰুৰ তলত শিখ ধৰ্মগ্ৰন্থৰ পুথি এখন আৱিষ্কাৰ কৰিলে৷ ইয়াৰ পিছত আৰু ল’ৰাৰ যোগ্যতা সম্পৰ্কে আন একো প্ৰশ্ন উঠাৰ অৱকাশ নাথাকিল৷  ১৯৩৯ চনৰ ৩০ অক্তোবৰ তাৰিখে দিল্লীত অত্যন্ত উলহ-মালহেৰে খুশৱন্ত-কাৱালৰ বিবাহ  সম্পন্ন হয়৷ ঈষাৰ্ত জ্বলি পুৰি থকা ডেকা সকলৰ ভিতৰৰ অমৰজিত নামৰ জনে আটাইতকৈ ধাৰ থকা মন্তব্যষাৰ দিছিল  – তাৰ বাপেকৰ বেংক বেলেঞ্চেই অৱশেষত জিকিল।

১৯৩৮ চনত খুশৱন্তে লাহোৰত আইনৰ ওকালতি আৰম্ভ কৰে যদিও এই  কাম তেখেতৰ একেবাৰে পচন্দৰ নাছিল৷ তাত কাম কৰি থকা অৱস্থাতে দেশৰ বিভাজন হয় আৰু ভাৰতে স্বাধীনতা লাভ কৰে৷ লাহোৰত হিন্দু মুছলমানৰ সংঘৰ্ষৰ সুত্ৰপাত হোৱাত সেই সময়ৰ চি আই ডি বিভাগৰ মুৰব্বী তেখেতৰ কলেজীয়া দিনৰে বন্ধু এভাৰেটে বিপদৰ আগজাননী দি খুশৱন্তক তুৰন্তে লাহোৰ ত্যাগ কৰিবলৈ পৰামৰ্শ দিলে৷ নিজৰ ঘৰ-সম্পত্তি বিশ্বস্ত বন্ধু মনজুৰ কাদিৰক গতাই থৈ লাহোৰ এৰি অহাৰ কাহিনী আৰু মনজুৰে কেনেকৈ ঘৰৰ কাম কৰা ল’ৰা দলীপ সিঙক নিজৰ গাড়ীৰ বুটত ভৰাই পলুৱাই পঠাইছিল সেই কথা তেখেতৰ আত্মজীৱনী ‘ট্ৰুথ, লাভ এণ্ড লিটল মেলিচ’ ত মৰ্মস্পশীকৈ বৰ্ননা কৰা হৈছে৷ ১৯৪৭ চনৰ ১৪ আগষ্টৰ নিশা জৱাহৰলাল নেহৰুৰ বিখ্যাত ভাষন শুনিবলৈ সমবেত হোৱা অগনণ লোকৰ মাজত খুশৱন্ত সিঙো আছিল৷ পৰস্পৰে পৰস্পৰক আলিংগন কৰি আনন্দত উত্ৰাৱল হোৱা সেই সময়খিনি বৰ্ননা কৰি তেখেতে পিছত কৈছিল – মানুহ এজনৰ শৰীৰৰ পৰা ঘাপ মাৰি  হাত এটা কাটি লৈ গ’লে প্ৰথম কেইটামান মুহূৰ্ত্ত যেনেকৈ একো অনুভৱ নহয়, যন্ত্ৰনাটো আৰম্ভ হয় ক্ষন্তেক পিছতহে – সেই সময়খিনি আচলতে তেনেকুৱা সময় আছিল৷

১৯৪৭ চনৰ পৰা ১৯৫১ চনলৈ তেখেতে বিদেশ মন্ত্ৰালয়ৰ অধীনত লণ্ডন আৰু কানাডাৰ অটোৱাত কিছুদিন চাকৰি কৰিছিল৷ তাৰপিছত দেশলৈ ঘুৰি আহি ১৯৫১ চনত আকাশবাণীৰ চাকৰিত যোগদান কৰেহি৷ সেই সময়ৰে এটা কাহিনী উল্লেখযোগ্য ৷ বিখ্যাত সাংবাদিক কুলদীপ নায়াৰক খুশৱন্তে লাহোৰত থকা দিনৰে পৰাই চিনি পাইছিল আৰু দুয়োৰে মাজত সু-সম্পৰ্ক আছিল৷ ১৯৫১ চনত আকাশবাণীৰ চাকৰি এটাৰ বাবে কুলদীপ নায়াৰো প্ৰাৰ্থী আছিল৷ খুশৱন্ত সিংয়ে কুলদীপ নায়াৰক কৈছিল –  কেইবাটাও ইংৰাজী শব্দ উচ্চাৰণ কৰোতে তোমাৰ ভুল হয়, চাকৰিটোৰ বাবে শুদ্ধ উচ্চাৰণৰ বৰ প্ৰয়োজন, তুমি সেইবাবে উপযুক্ত নোহোৱা৷ ইয়াৰ বহুদিন পিছত, ১৯৭৭ চনত ইমাৰ্জেঞ্চীৰ বিৰোধিতা কৰি কুলদীপ নায়াৰ কিছুদিন কাৰাবাসত আছিল৷ জে’লৰ পৰা ওলাই অহাৰ পিছত খুশৱন্তে সিঙে নায়াৰক কৈছিল – ‘মই শুনিছো, ইমাৰ্জেঞ্চী বিৰোধিতা কৰা তোমাৰ এই স্থিতিৰ বাবে তুমি কাম কৰি থকা কাকতখনে তোমাক হেনো কামৰ পৰা শীঘ্ৰেই অব্যাহতি দিব; সেয়ে যদি হয়, মোৰ কাকতখনত তুমি বিনাদ্বিধাই লিখিব পাৰিবা আৰু মই চাম যাতে তুমি পোৱা পাৰিশ্ৰমিকখিনি তুমি এতিয়া পাই থকা দৰমহাতকৈ কোনো গুণে কম নহয়৷’ উল্লেখযোগ্য কথা যে সেইসময়ত খুশৱন্ত সিং ইমাৰ্জেঞ্চীৰ সমৰ্থক আছিল৷

১৯৫৪ চনৰ পৰা ১৯৫৬ চনলৈ ইউনেস্ক-ৰ চাকৰি লৈ দুবছৰ খুশৱন্ত পেৰিছত থাকিলগৈ৷ ইতিমধ্যেই শিখজাতিৰ বুৰঞ্জী লিখি লেখক হিচাপে তেখেতে আত্মপ্ৰকাশ কৰিছে৷  ১৯৫৬ চনত তেখেতৰ প্ৰথমখন উপন্যাস ‘মানু মাজৰা’ প্ৰকাশ হয়৷ এই খনেই তেখেতৰ ৰচনাৰ ভিতৰত আটাইতকৈ উচ্চ প্ৰশংসিত – ভাৰত পাকিস্তানৰ বিভাজনৰ কাহিনীৰ ভিত্তিত ৰচিত উপন্যাস – ‘ট্ৰেইন টু পাকিস্তান’৷  কিতাপখন হাতে লিখা অৱস্থাৰ পৰা টাইপ কৰি উলিয়াইছিল সেই সময়ৰ বৃটিছ হাই কমিছনাৰ ৱালটাৰ বেলৰ পত্নী টেটীয়ে৷ কিতাপখনৰ কাম শেষ কৰি টেটীয়ে কৈছিল – ‘এইখন আচলতে একোৱেই নহ’ল, কোনোবাই যে প্ৰকাশ কৰিব তাতো মোৰ সন্দেহ আছে৷’ সেয়ে গ্ৰুভ প্ৰেছে আয়োজন কৰা প্ৰতিযোগীতা এটাত কিতাপখনৰ লেখকৰ নামটো সলনি কৰি  – আই. এম. ভাৰ্মা নামেৰে পঠাই দিয়া হৈছিল৷ উপন্যাসখনে প্ৰথম পুৰস্কাৰ পাইছিল৷ ১৯৯৮ চনত এই উপন্যাসখনৰ ভিত্তিতে পামেলা ৰূখে একে নামৰ এখন কথাছবি নিৰ্মাণ কৰি উলিয়াই৷ ছবিখনত কাহিনীৰ নায়ক নায়িকা জুগা আৰু নুৰৰ চৰিত্ৰত অভিনয় কৰিছে বলিউডৰ শিল্পী নিৰ্মল পাণ্ডে আৰু স্মৃতি মিশ্ৰই৷ পুলিচ কমিচনাৰৰ চৰিত্ৰত আছে মোহন আগাশী৷

১৯৫৬ চনত ভাৰত চৰকাৰে প্ৰকাশ কৰা যোজনা নামৰ পত্ৰিকাখনৰ খুশৱন্ত সিং আছিল প্ৰতষ্ঠাপক সম্পাদক৷ তাত কিছুদিন কাম কৰাৰ পিছত ১৯৬৯ চনত তেখেতে সম্পাদক হিচাপে মুম্বাইৰ পৰা প্ৰকাশ হোৱা ‘দি ইলাষ্ট্ৰেটেড উইকলি’ নামৰ কাগজখনত যোগদান কৰে৷ তেতিয়াই আৰম্ভ হয় প্ৰায় পাচঁ দশক ধৰি পাঠকক মন্ত্ৰমুগ্ধ কৰি ৰখা তেখেতৰ লেখাৰ শিতান – “উইথ মেলিচ টুৱাৰ্ডছ ওৱান এণ্ড অল৷” এই শিতানৰ চিনাকি প্ৰতীকচিহ্নটো (এটা  ইলেকট্ৰিক লাইটৰ ভিতৰত কিতাপ, সুৰাৰ বটল আৰু নাৰীৰ ছবি লৈ বহি থকা এজন শিখ চদাৰ্ৰ) ডিজাইন কৰিছিল গোৱাৰ প্ৰখ্যাত কাটুৰ্নিষ্ট মাৰিঅ’ মিৰাণ্ডাই৷ খুশৱন্ত সিঙে সম্পাদনাৰ ভাৰ লোৱাৰ পিছত কাকতখনৰ বিক্ৰীৰ সংখ্যা ৬৫  হাজাৰৰ পৰা ৪ লাখলৈ বৃদ্ধি পাইছিল৷ এইখন কাকতৰ পিছত তেখেত ‘দি নেচনেল হেৰল্ড’ আৰু ‘দি হিন্দুস্তান টাইমছ’ কাকত দুখনৰো সম্পাদক হেছিল৷ ১৯৮১ চনৰ পৰা ১৯৮৬ চনলৈ তেখেত ৰাজ্য সভাৰ সদস্য হৈছিল৷

৮০ খনতকৈও অধিক গ্ৰন্থৰ প্ৰনেতা খুশৱন্ত সিং লেখক হিচাপে ব্যতিক্ৰম হোৱাৰ প্ৰধান কাৰণ হৈছে অপ্ৰিয় হলেও সত্যক মুকলিকৈ প্ৰকাশ কৰিব পৰা তেখেতৰ সাহস আৰু ক্ষমতা৷ কৌতুক বা হাস্যৰসক তেখেতে সদায় আগস্থান দিছিল৷ কৌতুকৰ সংকলনৰে ৯ খন গ্ৰন্থ প্ৰকাশ কৰা সিঙক এবাৰ শিখ মৌলবাদীয়ে সকিয়নি দিছিল – ছাণ্টা আৰু বাণ্টা শীৰ্ষক শিখ চৰিত্ৰক লৈ কৌতুক ৰচনা কৰাটো বন্ধ  কৰিব লাগে। খুশৱন্ত সিঙৰ চুটি পোনপটীয়া উত্তৰ আছিল – যহন্নামে যা তহত, Go to hell! এবাৰ স্বাধীন ভাৰতৰ নেতা-মন্ত্ৰীসকলক ব্যংগ কৰিবলৈ তেখেতে এটা কৌতুক কাহিনীৰ সৃষ্টি কৰিছিল৷ অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ ৰাম বনবাসলৈ ওলাওতে তেওঁৰ লগতে অনেক প্ৰজাইও পাছ ল’লে৷ এঠাইত ৰৈ ৰামে সকলোকে সম্বোধি ক’লে- ‘লেডিজ এণ্ড জেণ্টলমেন, আপোনালোক উভতি যাওগকৈ, মই পিতৃ বাক্য পালন কৰি বনলৈ আহিছো, ১৪ বছৰৰ পিছত মই আকৌ ঘুৰি আহিম’, ইত্যাদি, ইত্যাদি..৷ ১৪ বছৰৰ পিছত উভতি অহাৰ পথত ৰামে দেখিলে কিছুলোক তেতিয়াও সেইঠাইতে ৰৈ আছে৷ আচৰিত হৈ ৰামে সুধিলে – ‘কোন আপোনালোক?’ ‘প্ৰভু, আপুনি পুৰুষ আৰু মহিলাসকলক এইখিনিৰ পৰা উভতি যাবলৈ ক’লে, তেওঁলোক গ’লগৈ৷ আপুনি আমাক একো ন’কলে; আমি পুৰুষো নহয়, মহিলাও নহয়, আমি কিন্নৰ ; সেয়ে যোৱা ১৪ বছৰ আমি আপোনাৰ বাবে ইয়াত ৰৈ আছো৷’ আচৰিত, কিন্তু প্ৰসন্ন হৈ ৰামে হেনো তেওঁলোকক তেতিয়াই এটা বৰ দিছিল – ১৯৪৭ চনৰ পৰা তোমালোকে ভাৰতবৰ্ষ  শাসন কৰিবা।

প্ৰতিকূল পৰিস্থিতিতো সত্যৰ লগত আপোচ নকৰা অৱস্থান আৰু তথ্য নিৰ্ভৰ খবৰ আছিল তেখেতৰ লেখাৰ বৈশিষ্ট্য৷ ১৯৮৪ চনত ভাৰতীয় বায়ু সেনাৰ বিষয়া ৰাকেশ শমাৰ্ক ছোভিয়েট ইউনিয়নে ছয়ুজ-১১ নামৰ যানখনত মহাকাশলৈ যোৱাৰ সুবিধা দিওতে আমাৰ দেশ প্ৰয়োজনতকৈ অধিক গৌৰৱ আৰু আনন্দত আত্মহাৰা হোৱা দেখা গৈছিল৷ খুশৱন্ত সিঙে লিখিছিল – ট্ৰাক দ্ৰাইভাৰে লগত হেন্দিমেন নিয়া দি ৰাছিয়াই  ৰাকেশ শমাৰ্ক লৈ গৈছে।  এই ঘটনাটোত ভাৰতৰ সাফল্য হিচাপে ইমান আনন্দ কৰিব লগা প্ৰকৃততে একো নাই৷ পাঞ্জাৱত যেতিয়া খালিস্তানৰ দাবীত আন্দোলন হৈছিল খুশৱন্ত সিঙে জাৰ্নেল সিং ভিন্দেৰৱালক মুখামুখিকৈ ধৰিছিল৷ শিখ মৌলবাদীয়ে হত্যা কৰিবলৈ প্ৰস্তুত কৰা হিট লিষ্টত তেখেতৰ নাম একেবাৰে ওপৰত আছিল৷ অথচ ১৯৮৪ চনত অপাৰেচন ব্লু ষ্টাৰৰ সময়ত যেতিয়া অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ভাৰতীয় সেনাই বলপূৰ্বক প্ৰৱেশ কৰিছিল, সিঙে ১৯৭৪ চনত ভাৰত চৰকাৰে দিয়া পদ্মভূষণ উপাধি চৰকাৰক ওভোতাই  দিছিল৷

উৰ্দু কবিতাৰ পৰম ভক্ত খুশৱন্ত সিঙে গালিবৰ শ্বায়েৰী তেখেতৰ লিখাৰ মাজত প্ৰায়ে উল্লেখ কৰিছিল যদিও তেখেতে নিজে কবিতা লিখা নাছিল৷ গল্প, উপন্যাস, প্ৰৱন্ধৰ উপৰিও ১৯৮৩ চনত তেখেতে দূৰদৰ্শনৰ বাবে এখন চিত্ৰনাট্য লিখিছিল৷ ২০১০ চনত ৯৫ বছৰ বয়সত কেইজনমান অশীতিপৰ বৃদ্ধই লোধী উদ্যানত লগ হৈ অতীত জীৱনটো ৰোমন্থন কৰাৰ কাহিনীৰে লিখি উলিয়াইছিল তেখেতৰ জীৱনৰ শেষ উপন্যাস – ছানছেট ক্লাব৷ তেখেতে ঈশ্বৰ বিশ্বাস নকৰিছিল আৰু ধমীৰ্য় সন্ত্ৰাসবাদক কঠোৰ ভাষাৰে নিন্দা কৰিছিল৷ অত্যন্ত নিয়মানুৱৰ্তী খুশৱন্ত সিং সদায় পুৱা ৪ বজাত শুই উঠিছিল আৰু ৮ বজাৰ লগে লগে সকলো ধৰনৰ অভ্যাগতক বিদায় দিছিল৷ এবাৰ তেখেতৰ ঘৰৰ এটা অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আহিছিল ৮ বাজিবলৈ কেইমিনিটমান থাকোতে৷ ঠিক ৮ বজাৰ লগে লগে প্ৰধান মন্ত্ৰীৰ পৰা বিদায় লৈ তেখেত শোৱনীকোঠালৈ সোমাই গৈছিল৷ তেখেতৰ ঘৰৰ কলিং বেলৰ ছুইছটোৰ কাষতে চকুত পৰাকৈ লিখা আছে – PLEASE DO NOT RING THE BELL UNLESS YOU ARE EXPECTED  অথাৰ্ৎ  যদি অহাৰ কথা নাই, বেল নবজাব৷

১৯৯৩ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনলৈ খুশৱন্ত সিঙক মূখ্য অতিথি হিচাপে নিমন্ত্ৰন কৰি অনা হৈছিল৷ সভাৰ সভাপতি আছিল ড° ভূপেন হাজৰিকা৷ সভাত সমবেত হোৱা মানুহ দেখি তেখেত হতবাক হৈ পৰিছিল আৰু একেলগে ইমান মানুহ আগতে কেতিয়াও দেখা নাই বুলি মন্তব্য দিছিল৷ নিজৰ লেখাৰ ভিতৰত খুশৱন্ত সিঙে ‘দিল্লী’ (Delhi- A Novel] নামৰ উপন্যাস খনৰ কথা প্ৰায়েই কৈছিল৷ কেইবাটাও শতিকাৰ সময় লৈ দিল্লীৰ পটভুমিত ৰচনা কৰা এইখন এখন বুৰঞ্জীমূলক উপন্যাস৷ তেখেতে  পোৱা অনেক সন্মানৰ ভিতৰত ২০০০ চনত সুলভ ইণ্টাৰনেছনেলে দিয়া বছৰটোৰ সৎ মানুহজন (Honest Man of the Year] পুৰস্কাৰটো পাই তেখেতে বৰ তৃপ্তি পাইছিল৷ ২০০৭ চনত তেখেতক ভাৰত চৰকাৰে পদ্ম বিভূষণ উপাধিৰে সন্মানিত কৰিছিল৷ ২০০২ চনত তেখেতৰ আত্মজীৱনীখন প্ৰকাশ হোৱাৰ সময়ত অনেক হৈ চৈৰ সৃষ্টি হয়৷ মানেকা গান্ধীয়ে আইনৰ সহায়ত কিতাপখনৰ প্ৰকাশ বহুদিন পিচুৱাই দিবলৈ সমৰ্থ হৈছিল৷ (এই আত্মজীৱনীখনৰ এটা ভাগ অনুবাদ কৰাৰ সন্মতি বিচাৰিয়েই মই এদিন ২০১০ চনত খুশৱন্ত সিঙৰ ঘৰৰ দুৱাৰদলিত উপস্থিত হৈছিলোঁগৈ৷ শৰীৰ ভালে নথকাত তেখেতক মই ব্যক্তিগত ভাবে লগ কৰিব নোৱাৰিলো কিন্তু কেইদিনমানৰ পিচতে তেখেতে নিজ হাতেৰে লিখা কপা কপা আখৰৰ চিঠি এখন আহি মোৰ হাতত পৰাত মই অভিভূত হৈ পৰিছিলো৷) শেষ সময়লৈকে তেওঁলৈ লিখা প্ৰত্যেকখন চিঠিৰ উত্তৰ তেওঁ নিজ হাতে লিখিছিল৷ জীৱনটোক পুণোৰ্দ্যমে উপভোগ কৰিবলৈ ভাল পোৱা এজন সৎ, নিষ্ঠাবান লেখক খুশৱন্ত সিঙৰ বিয়োগে সৃষ্টি কৰা শূণ্যতা সহজে পূৰ হোৱাৰ সম্ভাৱনা নাই৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top